ভ্ৰান্ত প্ৰহৰ (অসমীয় কবিতা)
যৌৱনত ভৰি দিলোঁ বুলিয়ে মই অসহনীয় নহওঁ,
আপোনালোকৰ অমায়িক,নিঝঁঝাট, সৌষ্ঠৱ কাপোৰ পিন্ধা ছোৱালী বুলিও নিজকে নকওঁ।
পৰাধীনতৰ সাজযোৰ নিপিন্ধো মই য'ত আছে প্ৰলেপ সনা বিচ্ছেদ,
সত্বীত্বহৰণ আচোঁৰখোৱা নাৰীৰ সন্মানৰ তাড়নাৰ হ'ব জানো উচ্ছেদ?
কিহৰ আকৌ নাৰী দিৱসৰ উদযাপন,
য'ত প্ৰাত্যহিত খোজে খোজে নাৰী নিৰ্যাতন।
আপুনি নুবুজিব সন্মোহনী অনুৰক্ত নাৰীৰ পবিত্ৰতা,
বৃত্তান্ত গল্পৰ নিমিত্তে অৱৰুদ্ধ ক'ত নাৰীৰ শৈক্ষিক যাত্ৰা।
বিপ্লবী হুংকাৰে আগুৱাই যাওঁতে বিচাৰোঁ স্বতন্ত্ৰ প্ৰহৰী,
আমি নাৰী বুলিয়েই সপোনবোৰ কলিতে নিদিব মোহৰি।